![]() |
The Role of Assam in the freedom movement, Indian history |
স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা
( Role of Assam in freedom movement )
ASSAM HISTORY FOR ASSAM POLICE
- যি সময়ত পশ্চিমীয়া শিক্ষাৰে শিক্ষিত ভাৰতীয়সকলৰ মাজত স্বাধীনতাৰ ভাব গা - কৰি উঠিছিল । এই প্রভাৱ অসমতাে ভালদৰে পৰিছিল । বংগদেশত হােৱা স্বদেশী আন্দোলন মাদ্রাজ আৰু মহাৰাষ্ট্রৰ হ'মৰুল আন্দোলন আদিয়ে অসমীয়া যুৱকক যথেষ্ট আকর্ষণ কৰিছিল ।
- অসম ছাত্র সন্মিলনে , অসমৰ ছাত্র শক্তিৰ মাজত দেশপ্রেম জগাই তুলিছিল । এই সময়তে চন্দ্র কুমাৰ আগৰৱালা , হেম চন্দ্র গােস্বামী , লক্ষ্মীনাথ বেজবৰুৱা আদিয়ে অসমীয়া ভাষাৰ উন্নতি সাধিছিল । এই সময়ত ‘ জোনাকী ' নামৰ আলােচনীৰ যােগেদি তেওঁলােকে দেশপ্রেম জগাই । তুলিছিল ।
- ১৯২০ চনৰ গান্ধীজীৰ অসহযােগ আন্দোলনৰ প্ৰভাৱ অসমতাে পৰিছিল । কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈ , দেশভক্ত তৰুণৰাম ফুকন আদিয়ে এই আন্দোলন আৰম্ভ কৰিছিল আৰু লগে লগে বুজন সংখ্যক ছাত্র - ছাত্রী আৰু উকিলে স্কুল - কলেজ , আদালত বৰ্জন কৰিছিল ।
- ১৯২১ চনত গান্ধীজী অসম ভ্ৰমণলৈ আহে আৰু অসমত অহিংস আন্দোলনৰ আঁচনি প্রচাৰ কৰে ।
- অহিংস অসহযােগ আন্দোলনৰ পাছত অসমত কংগ্ৰেছ স্বৰাজ্য দল গঠন হয় । এই দলৰ গুৰি ধৰিছিল দেশভক্ত তৰুণৰাম ফুকনে ।
- ১৯৩০ চনৰ আইন অমান্য আন্দোলনে অসমত অতি ব্যাপক ৰূপ লৈছিল । সেই সময়ত কু - খ্যাত কানিংহাম চাৰ্কুলাৰৰ বিৰুদ্ধে অসমৰ ছাত্র - যুৱক সমাজৰ মাজত এক অভূতপূর্ব আন্দোলনে মূৰ দাঙি উঠে । বৃটিছ চৰকাৰে আন্দোলনকাৰীক গ্রেপ্তাৰ কৰি কাৰাগাৰত ভৰায় ।
- ১৯৩০ চনত গান্ধীজীয়ে তৃতীয়বাৰৰ বাবে অসম ভ্ৰমণলৈ আহে আৰু হৰিজন আন্দোলনক কার্যকৰী ৰূপ দিবলৈ চেষ্টা কৰে ।
- ১৯৩৫ চনত চৰকাৰে ভাৰত শাসনৰ অৰ্থে নতুন আইন প্রবর্তন কৰে । এই আইন মর্মে ১৯৩৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ সংখ্যাগৰিষ্ঠ দল নােহােৱাত মুছলীম লীগৰ নেতা চাৰ চৈয়দ মহম্মদ ছাদুল্লাই প্রথম মন্ত্রীসভা গঠন কৰে । কিন্তু ছাদুল্লা মন্ত্রী সভা জনতাৰ আস্থাভাজন নােহাৱাত পদত্যাগ কৰাত কংগ্ৰেছ দলপতি গােপীনাথ বৰদলৈয়ে অইন দলৰ সহায়ত কংগ্ৰেছ ‘ কোৱালিশন মন্ত্রী সভা’ক সংযুক্ত মন্ত্রী সভা গঠন কৰে আৰু বৰদলৈ অসমৰ মুখ্যমন্ত্রী হয় ।
- ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অসমে যােগদান কৰে আৰু অসমৰ জনতায়াে চৰকাৰৰ দমনলৈ ভয় - সংশয় কৰিবলৈ এৰি সংগ্ৰামত লিপ্ত হৈ পৰে । অহিংস আন্দোলনৰ টৌ বহু ঠাইত আয়ত্তৰ বাহিৰলৈ গৈছিল । কনকলতা , ভােগেশ্বৰী ফুকননী , তিলক ডেকা , মদন বর্মন , মুকুন্দ কাকতি আদি পুলিচে গুলীয়াই হত্যা কৰিছিল । শঙ্কৰ বৰুৱাৰ নিচিনা কিছু সংখ্যক বিপ্লৱীয়ে আত্মগােপন কৰি হ'লেও বিপ্লৱ জীয়াই ৰাখিবলৈ আপ্রাণ চেষ্টা কৰিছিল ।
- ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি মর্মে অসমত ইংৰাজৰ শাসন আৰম্ভ হয় ।
- হেৰােৱা স্বাধীনতা ঘূৰাই আনিবলৈ ১৮২৮ চনত গমধৰ কোঁৱৰ , জীউৰাম দুলীয়া বৰুৱাৰ নেতৃত্বত বিদ্রোহ আৰম্ভ হয় যদিও সেই প্রথম বিদ্রোহ বিফল হয় ।
- পৰৱৰ্তী সময়ত বিদ্রোহ চলােৱা দুজন নেতা পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ১৮৩০ চনত ইংৰাজে ফঁাচী দিয়ে ।
- ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত অসমত বিদ্ৰোহৰ নেতৃত্বত আছিল মণিৰাম দেৱান । বিদ্রোহী নেতা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ইংৰাজ চৰকাৰে কঁাচী দিছিল ।
- ১৮৯৪ চনত দৰং জিলাৰ পথৰুঘাট আৰু কামৰূপ জিলাৰ বিভিন্ন স্থানত কৃষক বিদ্রোহ আৰম্ভ হৈছিল।কঠোৰ হাতেৰে ইংৰাজে বিদ্রোহ দমন কৰিছিল , বহুত বিদ্রোহীৰ মৃত্যু হৈছিল ।
- সৰুপথাৰৰ ৰেল দুর্ঘটনাৰ বাবে কুশল কোঁৱৰক ফাঁচী দিয়া হয় । জেলত কমলা মিৰিৰ মৃত্যু হয় । বহৰমপুৰত পুলিচৰ গুলীত ভােগেশ্বৰী ফুকননী , লক্ষী হাজৰিকা , বলাে সুত আৰু ঠগী সুতৰ মৃত্যু হয় । গােৱালপাৰাত নিধনু ৰাজবংশী , জোভালবলহুত হেমৰাম পাটিৰ , পাটাছাৰকুছিত মদন ৰাওতা আদি মুঠ ২৪ জনৰাে অধিক লােক ৪২’ৰ আন্দোলনত শ্বহীদ হয় ।
- স্বাধীনতা প্রাপ্তিঃ ১৯৪৬ চনতাে কেবিনেট মিছনৰ আঁচনিৰ বিৰুদ্ধে অসমে সংগ্রাম কৰিব লগা হৈছিল । এই ধৰণে শক্তিশালী সংগ্ৰামৰ যােগেদি ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত তথা অসমে স্বাধীনতা লাভ কৰে । ভাৰতৰ স্বাধীনতা সংগ্রামৰ বুৰঞ্জীত অসমৰ অৱদান চিৰদিন জিলিকি থাকিব ।
No comments:
Post a Comment