Wednesday, June 17, 2020

ভাৰতীয় সংবিধান (Indian Constitution)

ভাৰতীয় সংবিধান (Indian Constitution)
ভাৰতীয় সংবিধান (Indian Constitution)


ভাৰতীয় সংবিধান (Indian Constitution)

প্রস্তাৱনা(Preamble) :
ভাৰতৰ সংবিধানৰ আৰম্ভণিতে এটা প্রস্তাৱনা আছে। প্রস্তাৱনা হ’ল সংবিধানৰ আত্মস্বৰূপ, সংবিধানৰ চাবিকাঠি। প্রস্তাৱনা হল।
সংবিধানৰ পাতনি বা মুখবন্ধ। ই হ’ল গােটেই সংবিধানখনৰ সাৰাংশ। ভাৰতৰ সংবিধানৰ লক্ষ্য, উদ্দেশ্য তথা আদর্শ এই প্রস্তাৱনাতেই পােবা
যায়। ৪২ তম সংবিধান সংশােধনীৰ জৰিয়তে প্রস্তাৱনাত সমাজবাদী, ধর্ম নিৰপেক্ষ শব্দ দুটা সংযােজন কৰা হয়। বর্তমান সংবিধানৰ প্ৰস্তাৱনাৰ মূল পাঠ তলত উল্লেখ কৰা ধৰণৰ -
‘আমি ভাৰতবাসী সকলাে লােকে ভাৰতবৰ্ষক এখন সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, গণতান্ত্রিক, গণৰাজ্যৰূপে গঠন কৰিবলৈ তথা
ইয়াৰ নাগৰিকৰ বাবে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক ক্ষেত্ৰত ন্যায়; চিন্তা, প্রকাশ বিশ্বাস, ধর্ম আৰু উপাসনাৰ স্বাধীনতা।
সম মর্যাদা আৰু সুযােগৰ সমতা আৰু তেওঁলােকৰ মাজত ব্যক্তি মর্যাদা আৰু জাতীয় ঐক্য আৰু সংহতি সুনিশ্চিতভাৱে ৰক্ষাৰ অর্থে
ভাতৃত্ববােধ বৃদ্ধি কৰিবলৈ নিষ্ঠাসহকাৰে সংকল্পবদ্ধ হৈ এই সংবিধান সভাত আজি ১৯৪৯ চনৰ নৱেম্বৰৰ, ২৬ তাৰিখে এই সংবিধান গ্রহণ
আৰু বিধিবদ্ধ কৰি নিজকে প্ৰদান কৰিলাে।
প্রস্তাৱনাত থকা ‘আমি ভাৰতবাসী সকলাে লােকে’ কথাষাৰে বুজাইছে যে জনসাধাৰণ হ'ল ক্ষমতাৰ উৎস। সার্বভৌম শব্দটোৱে
আভ্যন্তৰীণ আৰু বাহ্যিক ক্ষেত্ৰত ভাৰতৰ সর্বোচ্চ ক্ষমতাৰ কথা কোৱা হৈছে। সমাজবাদী শব্দটোৱে ক্ষমতাৰ ভিত্তিত অর্থনৈতিক বুনিয়াদ গঢ়াৰ
লক্ষ্য স্থিৰ কৰা হৈছে। ধর্মনিৰপেক্ষতাৰ অৰ্থ হৈছে ভাৰতৰ কোনাে ৰাষ্ট্ৰীয় ধর্ম নাই। সকলাে ধর্ম সমান। গণতান্ত্রিক শব্দটোৱে জনসাধাৰণে
নির্বাচনৰ যােগেদি চৰকাৰ গঠন কৰি ক্ষমতা লাভ কৰাকে বুজাইছে আৰু গণৰাজ্যই ৰাষ্ট্রপতিজন নির্বাচনৰ যােগেদি নির্বাচিত হােৱাটো বুজাইছে।
প্রস্তাৱনাত সকলাে নাগৰিকৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ আশ্বাস দিয়া হৈছে। সামাজিক ক্ষেত্ৰত কোনাে বৈষম্য নাই।
অর্থনৈতিক ক্ষেত্ৰতাে কোনাে বৈষম্য নাথাকিব। ৰাজনৈতিক ন্যায়ৰ ক্ষেত্ৰত জাতি, বর্ণ, ধর্ম, ভাষা নির্বিশেষে ভােটাধিকাৰ আৰু নিৰ্বাচনত
প্রতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ লাভ কৰিছে।

প্রত্যেক ব্যক্তিৰে চিন্তা , প্রকাশ , বিশ্বাস , ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা আছে । সমমর্যাদা আৰু জাতীয় ঐক্য সংহতি সুনিশ্চিত কৰা আৰু সমান সুযােগ লাভ কৰাৰ লক্ষ ধার্য কৰা হৈছে ।

প্রস্তাৱনাৰ আদর্শ :
১ ) নাগৰিকৰ বাবে সামাজিক , অর্থনৈতিক , ৰাজনৈতিক ন্যায় ।
২ ) চিন্তা , প্রকাশ , ধর্ম , বিশ্বাস আৰু উপাসনাৰ ক্ষেত্ৰত স্বাধীনতা ।
৩ ) মর্যাদা আৰু সুযােগৰ ক্ষেত্ৰত সমতা ।
৪ ) একতা , সংহতি সুনিশ্চিত কৰা ।

ভাৰতৰ সংবিধান বৈশিষ্ট্যসমূহ ( Features of Constitution ) :
১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান কার্যকৰী কৰা হয় । এই সংবিধানখন অধ্যয়ন কৰিলে কিছুমান মূল বৈশিষ্ট্য পৰিলক্ষিত হয় । সেই বৈশিষ্ট্যসমূহ হ'ল—
১ ) লিখিত আৰু দীর্ঘতম সংবিধান ঃ ভাৰতৰ সংবিধান লিখিত আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ দীর্ঘতম সংবিধান । ইয়াত ৩৯৫ টা অনুচ্ছেদ ১০ অনুসূচী আৰু ২২ টা অধ্যায় আছে ।
২ ) নমনীয় আৰু জটিলৰ সংমিশ্রন ঃ ভাৰতৰ সংবিধান সংশােধনৰ ক্ষেত্ৰত কিছুমান অনুচ্ছেদ সহজে সংশােধন কৰিব পাৰি আৰু আন কিছুমান অনুচ্ছেদ সংশােধন কৰাত জটিল ।
৩ ) সার্বভৌম , সমাজবাদী , ধর্মনিৰপেক্ষ , গণৰাজ্য ঃ সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবর্ষ এখন সার্বভৌম , সমাজবাদী , ধর্মনিৰপেক্ষ , গণতান্ত্রিক , গণৰাজ্য হিচাপে আখ্যা দিয়া হৈছে ।
৪ ) সংবিধানৰ প্রাধান্যতা : সংবিধান হ'ল সর্বোচ্চ আইন । ইয়াক কোনেও উলংঘা কৰিব নােৱাৰে । উচ্চতম ন্যায়ালয় ইয়াৰ ৰক্ষক ।
৫ ) সংসদীয় চৰকাৰঃ ভাৰতৰ সংবিধানে সংসদীয় চৰকাৰৰ ব্যৱস্থা কৰিছে । ইয়াত প্রধানমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদ প্রকৃত ক্ষমতাৰ অধিকাৰী । ৰাষ্ট্রৰ মুৰব্বী ৰাষ্ট্রপতি নামমাত্ৰহে ।
৬ ) মৌলিক অধিকাৰঃ সংবিধানে নাগৰিকসকলক মৌলিক অধিকাৰ প্ৰদান কৰিছে । ইয়াত ছটা মৌলিক অধিকাৰ আছে । এই অধিকাৰকেইটা হ'ল — সমতাৰ অধিকাৰ , স্বাধীনতাৰ অধিকাৰ , শােষণৰ বিৰুদ্ধে অধিকাৰ , ধর্মীয় অধিকাৰ , সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ , সাংবিধানিক প্রতিকাৰৰ অধিকাৰ ।
৭ ) মৌলিক কর্তব্য ঃ সংবিধানে নাগৰিকসকলক কিছুমান কর্তব্য কৰাৰ কাৰণে উল্লেখ কৰিছে । সংবিধান মানি চলা , জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্রতি সম্মান প্রদর্শন , সার্বভৌমত্ব , ঐক্য , সংহতি ৰক্ষা ইত্যাদি ।
৮ ) এক নাগৰিকত্ব : এক নাগৰিকত্ব সংবিধানৰ আন এক বৈশিষ্ট্য । ভাৰতৰ সমূহ জনসাধাৰণ ভাৰতৰ নাগৰিক । ৰাজ্যিক ভিত্তিত নাগৰিকত্ব নাই ।
৯ ) নির্দেশক নীতি : কল্যাণকামী ৰাষ্ট্র প্রতিষ্ঠাৰ কাৰণে নাগৰিকক কিছুমান সুযােগ - সুবিধা দিয়া হয় আৰু এইবােৰকে নির্দেশক নীতি বােলে । অর্থনৈতিক বৈষম্য দূৰ কৰা , কুটিৰ শিল্প স্থাপন কৰা , সমান কামৰ বাবে সমান মজুৰী আদি নির্দেশক নীতি ।
১০ ) যুক্তৰাষ্ট্ৰীয় তথা এককেন্দ্রীয় ঃ ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰীয় যদিও প্রকৃততে ই এক কেন্দ্রীকহে কাৰণ ৰাজ্যবোৰতকৈ কেন্দ্রীয় চৰকাৰ বেছি শক্তিশালী ।
১১ ) জৰুৰী অৱস্থা : ৰাষ্ট্ৰৰ মুৰববী ৰাষ্ট্ৰপতিৰ হাতত তিনিটা জৰুৰী ক্ষমতা আছে-
( ক ) ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা , ( খ ) ৰাজ্যিক জৰুৰী অৱস্থা ( গ ) বির্তীয় জৰুৰী অৱস্থা ।
১২ ) সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ : জাতি , বর্ণ , ধর্ম , ভাষা , পুৰুষ - মহিলা নির্বিশেষে যিসকলৰ বয়স ওঠৰ বছৰ বা তাৰ ওপৰৰ সেইসকল লােকে নির্বাচনত ভোট প্রদান কৰিব পাৰে ।
১৩ ) ন্যায় পালিকাৰ স্বাধীনতা : ন্যায় পালিকাৰ স্বাধীনতা ভাৰতীয় সংবিধানৰ আন এক উল্লেখযােগ্য বৈশিষ্ট্য । ন্যায় পালিকাৰ কার্যত কার্যপালিকা আৰু বিধান মণ্ডলে হস্তক্ষেপ কৰিব নােৱাৰে ।

ৰাষ্ট্ৰীয় নির্দেশক নীতি ( Directive Principles )

ভাৰতৰ সংবিধানৰ চতুর্থ খণ্ডত নির্দেশক নীতিসমূহ বর্ণনা কৰা হৈছে । সংবিধানত ৩৬ নং অনুচ্ছেদৰ পৰা ৫১ নং অনুচ্ছেদলৈ এই নীতিসমূহ অন্তর্ভুক্ত আছে । এই নীতিসমূহক আলােচনাৰ সুবিধাৰ কাৰণে কেইটামান ভাগত ভাগ কৰিব পাৰি—
১ ) অর্থনৈতিক নীতি : অর্থনৈতিক নীতিসমূহ হল -
  • ( ক ) জীৱিকাৰ পর্যাপ্ত উপায়ৰ বাবে পুৰুষ - মহিলা উভয়কে সমান সুবিধা দিয়া ।
  • ( খ ) ৰাষ্ট্রীয় সম্পদ সমবিতৰণ ।
  • ( গ ) পুৰুষ - মহিলা নির্বিশেষে সমান কামৰ বাবে সমান মজুৰী ।
  • ( ঘ ) নিবনুৱা , বার্ধক্য , অক্ষমক সহায় কৰা ।
  • ( ঙ ) কুটীৰ শিল্পৰ বিকাশ কৰা ।
  • ( চ ) বিনামুল্যে আইনৰ সাহায্য দিয়া ।
  • ( ছ ) সকলাে নাগৰিকৰ বাবে কাম আৰু শিক্ষাৰ ব্যৱস্থা কৰা ।
  • ( জ ) শিল্প পৰিচালনাত শ্ৰমিকৰ অংশগ্রহণ ।
  • ( ঝ ) সাম্যৰ ভিত্তিত ন্যায় প্রতিষ্ঠা ।

২ ) সামাজিক নীতি :সামাজিক নীতিসমূহ হ'ল
  • ( ক ) কামৰ পৰিবেশ সৃষ্টি কৰা ।
  • ( খ ) ১৪ বছৰলৈ বাধ্যতামূলক আৰু বিনামূলীয়া শিক্ষা ।
  • ( গ ) অনুসূচিত জাতি আৰু জনজাতিৰ শিক্ষা আৰু অর্থনৈতিক স্বার্থৰ উন্নতি সাধন ।
  • ( ঘ ) খাদ্যৰ পুষ্টিসাধন , জীৱন ধাৰণৰ মানদণ্ড আৰু জনস্বাস্থ্যৰ উন্নতি ।
  • ( ঙ ) মাদক দ্রব্য নিষিদ্ধকৰণ ।
  • ( চ ) শােষণ আৰু অত্যাচাৰৰ পৰা শিশুক ৰক্ষা কৰা ।

৩ ) আইন আৰু শাসন নীতি :আইন আৰু শাসন সংক্রান্ত নীতিসমূহ হ'ল

  • ( ক ) গােটেই দেশতে একেধৰণৰ দেৱানী আইন প্ৰৱর্তন ।
  • ( খ ) সমতাৰ পৃথকীকৰণ নীতি প্রয়ােগ ।
  • ( গ ) ঐতিহাসিক স্থান , স্তম্ভ , মঠ - মন্দিৰ ৰক্ষণাবেক্ষণ ।
  • ( ঘ ) বৈজ্ঞানিক ভিত্তিত কৃষি আৰু পশুপালন ।
  • ( ঙ ) প্রাকৃতিক পৰিবেশ ৰক্ষা ।
  • ( চ ) অৰণ্য , বণ্যপ্রাণী সংৰক্ষণ ।
  • ( ছ ) গাঁও , পঞ্চায়তৰ ব্যৱস্থা কৰা ।

৪ ) আন্তর্জাতিক নীতি :
আন্তর্জাতিক নীতিসমূহ হ’ল—

  • ( ক ) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা ।
  • ( খ ) জাতিসমূহৰ মাজত ন্যায়সংগত সম্পর্ক স্থাপন ।
  • ( গ ) আন্তর্জাতিক আইন , সন্ধিৰ প্রতি সম্মান ।
  • ( ঘ ) আন্তর্জাতিক বিবাদ নিষ্পত্তি ।

৫ ) অন্যান্য নীতি ঃ
এই নীতিসমূহ হ'ল
  • ( ক ) অনুসুচীত জাতি আৰু জনজাতিৰ লােকসকলৰ চৰকাৰী নিয়ােগৰ বিবেচনা কৰা ।
  • ( খ ) প্রাথমিক স্তৰত সংখ্যালঘু সম্প্রদায়ৰ ল'ৰা - ছােৱালীক , মাতৃ ভাষাত শিক্ষাদান ।
  • ( গ ) হিন্দী ভাষাৰ প্ৰসাৰ কৰা ।


নির্দেশক নীতি আৰু মৌলিক অধিকাৰৰ মাজত পার্থক্য

  • ১ ) মৌলিক অধিকাৰসমূহ ৰাজনৈতিক , নির্দেশক নীতিসমূহ সামাজিক আৰু অর্থনৈতিক ।
  • ২ ) মৌলিক অধিকাৰ বাধ্যতামুলক , নির্দেশক নীতিসমূহ নহয় ।
  • ৩ ) মৌলিক অধিকাৰ ন্যায় বিচাৰযােগ্য , নির্দেশক নীতি নহয় ।
  • ৪ ) মৌলিক অধিকাৰসমূহ সীমিত , নির্দেশক নীতি নহয় ।
  • ৫ ) মৌলিক অধিকাৰ উদ্দেশ্য ৰাজনৈতিক গণতন্ত্র প্রতিষ্ঠা , নির্দেশক নীতিৰ উদ্দেশ্য হল কল্যাণকামী ৰাষ্ট্র প্রতিষ্ঠা ।

মৌলিক অধিকাৰ আৰু কৰ্তব্য (Fundamental rights and duties)

মৌলিক অধিকাৰ ( Fundamental rights ) :

জনসাধাৰণৰ প্রতিভা বিকাশ আৰু ব্যক্তিত্ব প্রকাশৰ বাবে কিছুমান সুযােগ সুবিধাৰ প্রয়ােজন । এই সুযােগ সুবিধাবােৰকে অধিকাৰ বােলে । এই অধিকাৰবােৰ সংবিধানৰ দ্বাৰা স্বীকৃত । সেই কাৰণে এইবোৰক মৌলিক অধিকাৰ বুলি কোৱা হয় । সংবিধানত তৃতীয় খণ্ডত এই মৌলিক অধিকাৰসমূহ অন্তর্ভুক্ত কৰা হৈছে । মৌলিক অধিকাৰসমূহৰ বৈশিষ্ট্যঃ

ভাৰতৰ সংবিধানত থকা মৌলিক অধিকাৰসমূহৰ কিছুমান বৈশিষ্ট্য আছে
  • ১ ) চৰম নহয় ঃ অধিকাৰসমূহ চৰম নহয় । কিছুমান সীমাবদ্ধতাৰ মাজতহে এই অধিকাৰসমূহ ভােগ কৰিব লাগে । ২ ) ন্যায়যােগ্য : অধিকাৰসমূহ ন্যায়যােগ্য । অর্থাৎ এই অধিকাৰসমূহ আদালতৰ দ্বাৰা বলৱৎ কৰিব পাৰি ।
  • ৩ ) সংশােধনযােগ্য : ৩৬৮ নং অনুচ্ছেদ অনুসৰি মৌলিক অধিকাৰসমূহ সংশােধন কৰিব পাৰি ।
  • ৪ ) যুক্তিসংগত বাধা ঃ মৌলিক অধিকাৰসমূহৰ ওপৰত বাধানিষেধ আৰােপ কৰিব পাৰি । নিবাৰক নিবােধ আইনৰ যােগেদি বাধা আৰােপ কৰিব পাৰি ।
  • ৫ ) জৰুৰী অৱস্থাত স্থগিত ঃ ৰাষ্ট্রপতিয়ে জাৰি কৰা জৰুৰী অৱস্থাৰ সময়ত স্বাধীনতাৰ অধিকাৰসমূহ বাতিল হয় ।৬ ) অর্থনৈতিক অধিকাৰ নাই ঃ মৌলিক অধিকাৰসমূহৰ তালিকাত কোনাে অর্থনৈতিক অধিকাৰ নাই ।

মৌলিক অধিকাৰসমূহ :
সংবিধানৰ ১২ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ মৌলিক অধিকাৰসমূহ বর্ণনা কৰা হৈছে । প্ৰথমতে সাতটা অধিকাৰ আছিল । ৪৪ তম সংবিধান সংশােধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ বিলােপ কৰাৰ ফলত এতিয়া ছটা অধিকাৰ আছে । এই অধিকাৰসমূহ হ'ল
১ ) সমতাৰ অধিকাৰঃ সমতাৰ অধিকাৰে তলত উল্লেখিত বিষয়সমূহ বুজায় ।
  • ( ক ) আইনৰ চকুত সকলাে সমান ,
  • ( খ ) বিভিন্ন জাতি , বর্ণ , ধর্ম , ভাষা , পুৰুষ - মহিলা নির্বিশেষে বৈষম্য পৰিহাৰ
  • ( গ ) চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সমান সুযােগ সুবিধা
  • ( ঘ ) অস্পৃশ্যতা বর্জন
  • ( ঙ ) উপাধি নিষেধ

২ ) স্বাধীনতাৰ অধিকাৰঃ স্বাধীনতাৰ অধিকাৰসমূহ হ'ল
  • ( ক ) বাক আৰু মত প্রকাশৰ স্বাধীনতা
  • ( খ ) শান্তিপূর্ণভাৱে অস্ত্র - শস্ত্ৰ অবিহনে সমবেত হােৱা
  • ( গ ) সংস্থা গঠনৰ অধিকাৰ
  • ( ঘ ) ঘুৰি ফুৰাৰ অধিকাৰ
  • ( ঙ ) বসবাস কৰাৰ অধিকাৰ
  • ( চ ) বৃত্তি বা ব্যৱসায় কৰাৰ অধিকাৰ ।

৩ ) শােষণৰ বিৰুদ্ধে অধিকাৰঃ শােষণৰ বিৰুদ্ধে অধিকাৰসমূহ হ'ল -
  • ( ক ) মানুহক বেচা - কিনা কৰা , বিনা পৰিশ্ৰমিকত খটোৱা , জোৰ কৰি কামত লগােৱা নিষেধ ,
  • ( খ ) চৈধ্য বছৰৰ তলৰ ল'ৰা - ছােৱালীক বিপদজনক কামত নিয়ােগ নিষিদ্ধ ।

৪ ) ধৰ্মৰ অধিকাৰঃ ধর্মীয় অধিকাৰসমূহ হ’ল—
  • ( ক ) যিকোনাে লােকে যিকোনাে ধর্ম গ্রহণ , চর্চা বা প্ৰচাৰ কৰিব পাৰে ।
  • ( খ ) ধর্মীয় অনুষ্ঠান স্থাপন কৰিব পাৰে
  • ( গ ) চৰকাৰী শিক্ষানুষ্ঠানত ধর্মীয় শিক্ষা নিষেধ
  • ( ঘ ) ধৰ্মৰ নামত কৰ সংগ্রহ নিষেধ ।

৫ ) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰঃ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰসমূহ হ'ল
  • ( ক ) ভাৰতৰ সকলাে নাগৰিকে নিজৰ নিজৰ ভাষা , সংস্কৃতি ৰক্ষা কৰিব পাৰে ।
  • ( খ ) সংখ্যাগৰিষ্ঠ সকলাে শ্ৰেণীৰ লােকে শিক্ষানুষ্ঠান স্থাপন কৰিব পাৰে ।
৬ ) সাংবাধানিক প্রতিকাৰৰ অধিকাৰঃ
মৌলিক অধিকাৰসমূহ ৰক্ষণাবেক্ষণৰ কাৰণে নাগৰিকসকলে আদালতৰ ওচৰ চাপিব পাৰে । এই ক্ষেত্ৰত ন্যায়ালয়ে পৰামাধিদেশ , বন্দী উপস্থাপন , নিষেধাজ্ঞা , উৎপ্রেষণ লেখ , আধিকাৰ ইচছা জাৰি কৰিব পাৰে ।

মৌলিক কর্তব্য ( Fundamental Duties )

সংবিধানৰ ৪২ তম সংশােধনীৰ যােগেদি মৌলিক কর্তব্যসমূহ সংবিধানত অন্তর্ভুক্ত কৰা হয় ।
এই কর্তব্যসমূহ হ'ল—
  • ১ ) সংবিধান মানি চলা , জাতীয় পতাকা আৰু ৰাষ্ট্রীয় সংগীতৰ প্রতি শ্রদ্ধা জনােৱা ।
  • ২ ) স্বাধীনতা আন্দোলনক অনুপ্রাণীত কৰা মহান আদর্শসমূহ পােষণ আৰু অনুসৰণ কৰা ।
  • ৩ ) ভাৰতৰ সার্বভৌমত্ব , ঐক্য আৰু সংহতি ৰক্ষা কৰা ।
  • ৪ ) দেশ ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই দেশৰ প্রতি সেৱা আগবঢ়োৱা ।
  • ৫ ) ভাৰতৰ বিভিন্ন অঞ্চলত বাস কৰা ধর্ম ভাষা - ভাষী মানুহৰ মাজত ভাতৃভাৱ সৃষ্টি কৰা আৰু মহিলাৰ প্রতি সম্মান কৰা ।
  • ৬ ) ভাৰতৰ মূল্যৱান ঐতিহ্যক মূল্য দিয়া আৰু সংৰক্ষণ কৰা ।
  • ৭ ) বননি , নদ - নদী , হ্রদ , জীৱ - জন্তুৰ প্রতি দয়া হােৱা আৰু প্রাকৃতিক পৰিবেশ ৰক্ষা কৰা ।
  • ৮ ) বৈজ্ঞানিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা , মানৱতাবােধ সৃষ্টি কৰা , অনুসন্ধিৎসু মনােভাৱৰ বিকাশ কৰা।
  • ৯ ) ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ মনােভাৱ ত্যাগ কৰা ।
  • ১০ ) ব্যক্তিগত আৰু সামূহিক কাম - কাজৰ ক্ষেত্ৰত উৎকর্ষ সাধনৰ চেষ্টা কৰা আৰু ৰাষ্ট্ৰই যাতে প্রগতিৰ পথত আগুৱাই যাব পাৰে তাৰ ব্যৱস্থা কৰা ।
  • ১১ ) ছয় বছৰৰ পৰা চৈধ্য বছৰলৈ প্রত্যেক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰা ।

No comments:

Post a Comment