Friday, August 28, 2020

মহাকৰ্ষণ বা মাধ্যাকৰ্ষণ বল মানে কি? আৰু মহাকৰ্ষণ বল কেনেকৈ কাম কৰে? | What is Gravity and How does it work?

what is gravity,what is gravity force,what is gravity in assamese,what is gravity in physics  what causes gravity,gravity definition physics,gravity on earth,how gravity work,how does gravitational force work,gravity,explain gravitational force in assamese


মহাকৰ্ষণ বা মাধ্যাকৰ্ষণ বল মানে কি? আৰু মহাকৰ্ষণ বল কেনেকৈ কাম কৰে?

মহাকৰ্ষণ বা মাধ্যাকৰ্ষণ(Gravity) বল মানে হ'ল এটা আকৰ্ষণীক শক্তি, যিটো যিকোনো দুটা ভৰ থকা বস্তুৰ মাজত থাকে। এই আকৰ্ষণীয় শক্তি আমাৰ পৃথিৱীকে ধৰি বিশ্বব্ৰহ্মাণ্ডৰ সকলোতে আছে। এটা সামান্য ধূলিকণাৰ পৰা ধৰি গ্ৰহ, উপগ্ৰহ আৰু নক্ষত্ৰ সকলোতে মহাকৰ্ষণ বা মাধ্যাকৰ্ষণ(Gravity)বল আছে বা প্ৰভাৱ পেলায়। যাৰ ভৰৰ লগতে আকাৰো বেছি তাৰ আকৰ্ষণ বলো বেছি। আৰু সেইবাবে আকাৰত ডাঙৰ বস্তুটোৱে তাতকৈ সৰু বস্তু এটাক আকৰ্ষণ কৰে। এই আকৰ্ষণ শক্তিক মহাকৰ্ষণ বা মাধ্যাকৰ্ষণ বল(Gravity) বোলা হয়। ইয়াৰ উদাহৰণস্বৰূপে আমাকে চাৱক। আমি পৃথিৱীতকৈ সৰু বাবে পৃথিৱীয়ে আমাক আকৰ্ষণ কৰে আৰু এই আকৰ্ষণৰ বাবেই আমি পৃথিবীৰ ওপৰত বৰ্তি আছো, খোজ কাঢ়িব পাৰিছো। এই আকৰ্ষণ নথকা আমি উৰি ফুৰিলো হয়। যেনেকৈ অন্তৰীক্ষ যাত্ৰীসকল(Astronauts) অন্তৰীক্ষ যানত(Spacecraft) উৰি ফুৰা নিচিনাকৈ থাকে। আমাৰ সৌৰজগতত সূৰ্য্য হ'ল আটাইতকৈ বিশাল। সৌৰজগত খনৰ ৯১% সূৰ্য্যই আৱৰি আছে। আকাৰত ডাঙৰ হোৱাৰ বাবে ই সৌৰজগত খনত থকা বাকীকেইটা গ্ৰহ উপগ্ৰহকো আকৰ্ষণ কৰে। এই আকৰ্ষণৰ ফলতেই গ্ৰহবোৰ সূৰ্য্যৰ চাৰিওফালে ক্ৰমান্বয়ে ঘূৰে। সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডখনেই মহাকৰ্ষণ বলৰ ফলত বৰ্তি আছে।

what is gravity,what is gravity force,what is gravity in assamese,what is gravity in physics  what causes gravity,gravity definition physics,gravity on earth,how gravity work,how does gravitational force work,gravity,explain gravitational force in assamese

আমি জানো যে যাৰ ভৰ আছে তাৰ ওপৰতহে মহাকৰ্ষণ বল(Gravity)ৰ প্ৰভাৱ পৰে। কিন্তু এই কথা সম্পূৰ্ণৰূপে সত্য নহয়। মহাকৰ্ষণ বলে(Gravity) ভৰ বা ওজন নথকা বস্তুকো আকৰ্ষণ কৰে। ইয়াৰ উদাহৰণ হ'ল- পোহৰ বা ৰশ্মি (Light)। পোহৰ বা ৰশ্মি ফ'ত'ন(Photon)ৰ কণাৰে সংগঠিত আৰু এই ফ'ত'ন সমূহ ভৰহীন হয়। ভৰহীন হোৱাৰ স্বত্বেও পোহৰৰ ওপৰত মহাকৰ্ষণ বা মধ্যাকৰ্ষণ বল(Gravity)ৰ প্ৰভাৱ পৰে। Torchlight এটা যদি ON কৰা হয় তেনে হ'লে তাৰ পৰা ওলোৱা ৰশ্মি অলপ হ'লেও বেকা হয়। এইটো ঘটনা আমি চকুৰে দেখা নাপাও কিন্তু বৈজ্ঞানিক পদ্ধতিৰে পৰীক্ষা কৰিলে ইয়াৰ প্ৰমাণ পোৱা যায়। এলবাৰ্ট আইনষ্টাইনে (Albert Einstein) এই Theoryটো প্ৰমাণ কৰিছিল। গতিকে মহাকৰ্ষণ বা মধ্যাকৰ্ষণ বলৰ প্ৰভাৱ ভৰ থকা আৰু নথকা দুয়োটাৰ ওপৰতে পৰে।

No comments:

Post a Comment