Thursday, June 18, 2020

আহোম ৰাজ্য (Ahom Kingdom)


আহোম ৰাজ্য (Ahom Kingdom), assam police si, constable assam, assam gk , assam history
 আহোম ৰাজ্য (Ahom Kingdom)

আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপনঃ 


১৩ শতিকাৰ আগ ভাগত চীনৰ য়ুন্নান প্ৰদেশৰ কিছু "টাই - মংগোলীয়" জনগোষ্ঠীৰ লোক পাটকাই পৰ্বতক অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰে আৰু অসম সকলো দিশৰ পৰা অতি চহকী দেখি তেওঁলোক অসমতে বসতি স্থাপন কৰিব লʼলে । বসতি স্থাপন কৰাৰ পাছতেই তেওঁলোকৰ আগমনৰ আগতেই অসমত যিসকল থলুৱা লোক আছিল, সেই থলুৱা লোকসকলক তেওঁলোকৰ জীৱন নিৰ্বাহৰ প্ৰক্ৰিয়াৰ জ্ঞানৰ আদান-প্ৰদান কৰে । উদাহৰণস্বৰূপেঃ তেওঁলোকক ধান খেতিৰ পদ্ধতিৰ শিক্ষন দিয়ে । পৰৱৰ্তী সময়ত সেই জনগোষ্ঠীৰ দাই-কোঁৱৰ চাওলুং চুকাফাই ১২২৮ত ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰে আৰু চুকাফা আহোম ৰাজ্যৰ প্ৰথমজন ৰজা হয় । তেওঁলোকে স্থাপন কৰা ৰাজ্যখনক মৌঙ দুন চোন খাম নামেৰেও অভিহিত কৰিছিল । তেওঁলোক আছিল টাই ধৰ্মৰ লোক । ৰাজ্যৰ প্ৰথম ৰাজধানী হয় চৰাইদেউ । এই ৰাজ্যখন দিহিং আৰু দিখৌ নদীৰ মাজত অৱস্থিত আছিল । আহোমসকলে নিজ ৰজাক স্বৰ্গদেউ বুলি সম্বোধন কৰিছিল । আহোমসকল প্ৰায় ৫৯৪ বছৰ অসমত ৰাজত্ব কৰিছিল । এই দীৰ্ঘ সময়ছোৱাত আহোমসকলৰ ৪০জন ৰজাই ৰাজত্ব কৰে । সেই ৰজা সকলৰ নাম আৰু ৰাজত্ব কাল তলৰ তালিকাখনত দিয়া হ'ল 
        চুকাফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
         চুতুফা ১৩৬৯–১৩৭৬
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
        চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
চুফক্‌ফা ১৪২২–১৪৩৯
চুচেনফা ১৪৩৯–১৪৮৮
চুহেনফা ১৪৮৮–১৪৯৩
চুপিম্‌ফা ১৪৯৩–১৪৯৭
চুহুন্মুং ১৪৯৭–১৫৩৯
চুক্লেণমুং ১৫৩৯–১৫৫২
চুখাম্‌ফা ১৫৫২–১৬০৩
চুচেংফা ১৬০৩–১৬৪১
চুৰাম্‌ফা ১৬৪১–১৬৪৪
চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
ফুতুণ্‌ফা ১৬৪৮–১৬৬৩
চুপংমুং ১৬৬৩–১৬৭০
চুন্যৎফা ১৬৭০–১৬৭২
চুক্লমফা ১৬৭২–১৬৭৪
চুহুংফা ১৬৭৪–১৬৭৫
গোবৰ ৰজা ১৬৭৫–১৬৭৫
চুজিন্‌ফা ১৬৭৫–১৬৭৭
চুদৈফা ১৬৭৭–১৬৭৯
চুলিক্‌ফা ১৬৭৯–১৬৮১
চুপাতফা ১৬৮১–১৬৯৬
চুখ্ৰংফা ১৬৯৬–১৭১৪
চুতণফা ১৭১৪–১৭৪৪
চুণেণফা ১৭৪৪–১৭৫১
চুৰাম্‌ফা ১৭৫১–১৭৬৯
চুণ্যেউফা ১৭৬৯–১৭৮০
চুহিত্পংফা ১৭৮০–১৭৯৫
চুক্লিংফা ১৭৯৫–১৮১১
চুদিনফা ১৮১১–১৮১৮
পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
চুদিনফা ১৮১৯–১৮২১
যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
        পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

আহোমৰ অৰ্থনৈতিক ব্যৱস্থাঃ
পাইক প্ৰথা আছিল আহোম ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থাৰ ভেঁটি । আহোমসকলেই উজনি অসমত ধান খেতি সূচনা কৰে। তেওঁলোকৰ উন্নত প্ৰযুক্তি বিদ্যাৰ জৰিয়তে প্ৰচুৰ পৰিমাণে ধান উৎপাদনৰ লগতে খাল, পুখুৰী খান্দি,মাথাউৰি নিৰ্মাণ কৰি জলসিঞ্চন ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় ভূমিত খেতি কৰি ৰাজ্যখনৰ আন্তঃগাথঁনি গঢ়ি তুলে। স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ৰাজত্ব কালত পুন প্ৰথম বাৰৰ বাবে অসমত মুদ্ৰা প্ৰচলন কৰে। এই মুদ্ৰাৰ আকৃতি আঁঠ কোনীয়া আছিল।
আহোমৰ প্ৰশাসন ব্যৱস্থাঃ-
আহোমসকলৰ ৰজাই নিজৰ ৰাজ্য খন সান্তি ভাৱে আৰু নিয়াৰিকৈ চলাবলৈ কিছুমান বিশেষ পদবী বা মন্ত্ৰী নিয়োগ কৰিছিল। এই মন্ত্ৰী সকলক তেওঁলোকে ডাঙৰীয়া বুলিছিল। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফাই ৰাজ্য শাসনৰ সহায়ৰ অৰ্থে বুঢ়াগোঁহাই আৰু বৰগোঁহাই নামৰ দুই পদবী নিয়োগ কৰিছিল। ১২৮০ চনত দুয়ো জনকে স্বতন্ত্ৰ অঞ্চল দিয়া হৈছিল। আহোমসকলৰ উচ্চ পৰিয়ালৰ লোকেহে এনে পদবী লাভ কৰিছিল। স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্ব কালত তেওঁ আন এক তৃতীয় পদবী বৰপাত্ৰগোঁহাই নিয়োগ কৰে। স্বৰ্গদেউ প্ৰতাপ সিংহই ৰজাৰ অধীনস্থ বৰফুকন আৰু বৰবৰুৱা, এই দুই পদবী সৃষ্টি কৰে। দুয়োজন ডাঙৰীয়া সামৰিক,অসামৰিক নিয়ন্ত্ৰণ আৰু ন্যায়িক মুৰব্বী হিছাপে নিয়োজিত আছিল। পৰৱৰ্তী সময়ত পাঁচ জন পদবীৰে "পাত্ৰ মন্ত্ৰী"ৰ নামৰ এক পৰিষদ গঠিত হয়। তাৰে এজন ডাঙৰীয়া "ৰাজমন্ত্ৰী" পদৰ বাবে নিয়োগ আছিল। আৰু বহুতো পদবী নিয়োগ কৰা হয় বিভিন্ন ক্ষেত্ৰত, যেনে- বৰা, শইকীয়া, হাজৰিকা ইত্যাদি।
আহোমসকলে নিৰ্মাণ কৰা ঐতিহ্যপূৰ্ণ কীৰ্তিচিহ্নঃ
আহোম স্বৰ্গদেউসকলৰ আজ্ঞা অনুসৰি আহোমসকলে অসমত বহুতো পুখুৰী, দৌল-দেৱালয়, ধৰ্মীয় স্থান, আদি নিৰ্মাণ কৰিছিল। তলত সেই সমূহৰ বিষয়ে উল্লেখ কৰা হʼল।
আহোম ৰাজ্য (Ahom Kingdom) , SSC , GK ASSAM,ASSAM POLICE SI ASSAM POLICE,
(১) ৰংঘৰঃ ৰংঘৰ আছিল আহোম সকলৰ ৰঙ্গমঞ্চ। যʼত আহোম ৰাজপৰিয়াল আৰু ৰাজবিষয়াসকলে বিহুৰ সময়ত হোৱা মʼহ যুঁজ, শেণ যুঁজ, বিহু নৃত্য আদিকে কৰি অন্যান্য কাৰ্য্যসূচী উপভোগ কৰিছিল। এই ৰংঘৰ এছিয়া মহাদেশৰ সৰ্বপ্ৰথম ৰঙ্গমঞ্চ। ১৭৪৬ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্ব কালত ৰংপুৰৰ ৰূপহী পথাৰত নিৰ্মাণ কৰা হৈছিল। এই ৰঙ্গমঞ্চটো শিৱসাগৰ চহৰৰ পৰা ৩ কিঃমিঃ দূৰত অৱস্থিত।
(২) কাৰেং ঘৰঃ কাৰেং ঘৰ স্বৰ্গদেউ চুক্লেং‌মুঙৰ ৰাজত্ব কালৰ পৰাই নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্ব কালত সম্পূৰ্ণ হৈ উঠে যদিও ১৭৫২ চনত কাৰেং ঘৰটো বহু ক্ষতিগ্ৰস্ত হয়। পৰৱৰ্তীকালত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰাইছিল। শিৱসাগৰ জিলাৰ গড়গাঁৱত কাৰেং ঘৰটো অৱস্থিত। এই ঘৰটো আছিল ৭ মহলীয়া। ইয়াৰে ২ মহল মাটিৰ তলত আৰু ৫ মহল মাটিৰ ওপৰত অৱস্থিত। বহুতো গোপন পথ এই কাৰেং ঘৰৰ লগত সংযুক্ত আছিল।
(৩) তলাতল ঘৰঃ তলাতল ঘৰ নিৰ্মাণ কৰা হৈছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত। এই তলাতল ঘৰ আছিল আহোমসকলৰ এটি ৰাজপ্ৰসাদ। ৰাজপ্ৰসাদটিৰ শিল্প শৈলী মোগল শিল্প শৈলীৰ লগত সাদৃশ্য দেখা যায়। ইয়াৰ প্ৰতিটো কোঠা এটা এটা পথৰ লগত সংলগ্ন। ইয়াৰ পশ্চিম দিশত এটি আঠকোণীয়া মন্দিৰ অৱস্থিত আছে।
(৪) শিৱসাগৰ পুখুৰীঃ স্বৰ্গদেউ শিৱ সিংহৰ ৰাজত্ব কালত বৰকুঁৱৰী অম্বিকা কুৱৰীয়ে শিৱ সিংহৰ স্মৃতিত শিৱসাগৰ পুখুৰী খন্দোৱায়। ১৭৩৪ খ্ৰীষ্টাব্দৰ ১৮ জেঠ তাৰিখে এই পুখুৰীৰ খননকাৰ্য হয় আৰু ১৭৩৫ খ্ৰীষ্টাব্দৰ ৬ বʼহাগত সম্পূৰ্ণ হৈ উঠে। শিৱসাগৰ পুখুৰীটোৰ পাৰৰ সৈতে মুঠ মাটিকালি ১৯৪ পুৰা, ২ বিঘা, ২ কঠা, ৫ লোচা আৰু পানী ভাগৰ মাটিকালি ৯৭ পুৰা, ২ বিঘা, ২ কঠা। শিৱসাগৰ পুখুৰীটোৰ গভীৰতা ২০ কিউবিক।
(৫) জয়সাগৰ পুখুৰীঃ স্বৰ্গদেউ ৰুদ্ৰ সিংহই তেওঁৰ মাতৃৰ সোঁৱৰণত জয়সাগৰ পুখুৰী খন্দোৱায়। এই পুখুৰীটো তাৰ চাৰিও পাৰৰ সৈতে মুঠ ৩১৮ একৰ মাটি আৱৰি আছে। এই পুখুৰীৰ পৰাই তলাতল ঘৰলৈ পানীৰ যোগান ধৰা হৈছিল।
আহোম ৰাজ্য (Ahom Kingdom) , SSC , GK ASSAM,ASSAM POLICE SI ASSAM POLICE,

(৬) জয়দৌলঃ জয়দৌল স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ৰাজত্ব কালত তেওঁৰ মাতৃৰ সোঁৱৰণত নিৰ্মাণ কৰিছিল। এই দৌলটো জয়সাগৰ পুখুৰীৰ পাৰত নিৰ্মাণ কৰাইছিল বাবে ইয়াৰ নাম জয়দৌল হয়।


আহোম ৰাজ্যৰ পতনঃ


আহোম সাম্ৰাজ্য পতন হোৱাৰ মূল কাৰণ সমূহ তলত উল্লেখ কৰা হ'ল
✓  আহোমসকলৰ  ঘৰুৱা  কণ্ডল।
                              ✓   মোৱামৰীয়া বিদ্ৰোহ।
                                ✓     মানৰ অসম আক্ৰমণ
                      ✓    ইয়াণ্ডাবু সন্ধি।


No comments:

Post a Comment