কেতিয়া আৰু কেনেকৈ পৃথিৱী ধ্বংস হ'ব??
আমি সকলোৱে জানো যে যাৰ জন্ম হয় তাৰ এদিন মৃত্যু নিশ্চয় হয়। এইটো এটা চিৰন্তন সত্য। জীৱ-জড় সকলোৰে এটা নিৰ্দিষ্ট আয়ুস থাকে। এই আয়ুস উকলি যোৱাৰ পাছত শেষ, ক্ষয় অথবা ধ্বংস হৈ যায়। সেইদৰে আমাৰ ধৰিত্ৰী খনো এদিন ধ্বংস হৈ যাব। কথাটো ভাবিলেই মনত ভয় লাগে নহয় নে ! আজিৰ পৰা প্ৰায় ৬৫ কোটি বছৰৰ আগতে আমাৰ এই পৃথিৱীখনত Dinosaur প্ৰজাতিটোৱে বাস কৰিছিল। আৰু ১৬৫ কোটি বছৰ এই প্ৰজাতিটোৱে বসবাস কৰাৰ পাছত, এদিন মহাকাশ(Space)ৰ পৰা অহা এটা বৃহৎ উল্কাপিণ্ড(Asteroid/Comet) আহি পৃথিৱীত খুন্দা মাৰে আৰু তাৰ ফলত পৃথিৱীত প্ৰলয়ৰ সৃষ্টি হয়। এই প্ৰলয়ত Dinosaur প্ৰজাতিটোৰ অষ্টিত্ব শেষ হৈ পৰে। একেদৰে কোনোবা এদিনাখন কিবা প্ৰলয়ত বৰ্তমান থকা মানুহকে ধৰি সকলো জীৱ পৃথিৱীৰ পৰা নিঃশেষ হৈ পৰিব পাৰে। প্ৰকৃতিক আমি কোনেও নিজৰ মতে চলাব নোৱাৰো। ইয়াৰ এটা জলন্ত উদাহৰণ হ'ল ক'ৰ'ণা ভাইৰাছ(Corona Virus)। Stephen Hawking আৰু Mark Zuckerbergৰ মতেও মানৱ জাতিয়ে নিজৰ অষ্টিত্ব ৰাখিবলৈ মানৱ বসতি মংগল(Mars) গ্ৰহত স্থাপন কৰাটো উচিত। অথবা পৃথিৱী ধ্বংস হ'লে মানৱ সভ্যতাৰ ইমানবোৰ উন্নতি অথলে যাব।
১. পৃথিৱী ধ্বংস হোৱাৰ প্ৰথম কাৰণতো হ'ল মানৱ।

গোলকীয় উষ্ণতা(Global Warming) ক্ৰমান্বয়ে বৃদ্ধি হৈ হৈ আহিছে। ভৱিষ্যতে এই গোলকীয় উষ্ণতা বৃদ্ধি হৈ হৈ যেতিয়া চৰম সীমা অতিক্ৰম কৰিব তেতিয়া গোটেই পৃথিৱীত জল প্ৰলয় হৈ মানৱ জাতিৰ লগতে অন্য বহুতো প্ৰাণী এই পৃথিৱীৰ পৰা নিঃশেষ হৈ পৰিব। এই প্ৰলয়ৰ পৰা ৰক্ষা পৰিবলৈ আমি সকলোৱে প্ৰকৃতিক নষ্ট কৰা ৰোধ কৰিব লাগিব। প্ৰকৃতয়ে আমি জীয়াই থাকিবলৈ আমাক সকলো দিছে। তাৰ বিনিময়ত আমি প্ৰকৃতিৰ সকলো বস্তুৰ সদ ব্যৱহাৰ কৰি প্ৰকৃতিক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ প্ৰাধান কৰ্তব্য।
২. পৃথিৱী ধ্বংস হোৱাৰ দ্বিতীয় কাৰণতো হ'ল:- উল্কাপিণ্ড (Asteroid/Comet)।
আমাৰ এই পৃথিৱীখনৰ কাষেৰে বহু বছৰৰ মূৰে মূৰে বহুতো উল্কাপিণ্ড (Asteroid) পাৰ হৈয়ে থাকে। কিছুমান সৰু যিবোৰ পৃথিৱীত আহি পৰিলেহিও একো ক্ষতি নহয়। কিন্তু বহু বছৰৰ মূৰত বৃহৎ উল্কাপিণ্ডও আহে। এনে বৃহৎ উল্কাপিণ্ড পৃথিৱীত আহি পৰিলেহি হিৰোচিমা আৰু নাগাচাকিত হোৱা নিউক্লীয় বোমাৰ বিস্ফোৰণতকৈও ১০ লাখ গুণ বেছি ক্ষতি কৰিব। অৰ্থাৎ এই বিস্ফোৰণত পৃথিৱী একেবাৰে ধ্বংসই হৈ পৰিব। এনে বৃহৎ উল্কাপিণ্ড পৃথিৱীত আহি পৰাৰ বাবেই ডাইন'চৰ(Dinosaur) প্ৰজাতিতোৰ অস্তিত্ব নাইকীয়া হৈ পৰিছিল। এনে উল্কাপিণ্ড যে আকৌ পৃথিৱীত নপৰিব সেই কথাৰো কোনো ঠিকনা নাই। কিছু বছৰৰ পৰা উল্কাপিণ্ডবোৰ অহা সংখ্যাও বেছি হ'ব লৈছে।
৩. পৃথিৱী ধ্বংস হোৱাৰ তৃতীয় কাৰণতো হ'ল:- সূৰ্য্য।
বৈজ্ঞানিক সকলৰ মতে আজিৰ পৰা ৫ বিলিয়ন বছৰৰ পাছত সূৰ্য্যই তাৰ চৰম শীমা অতিক্ৰম কৰিব আৰু বৰ্তমান সূৰ্য্যতকৈ বহুত ডাঙৰ হৈ পৰিব। তেতিয়াৰ সূৰ্য্যটো ইমান ডাঙৰ হৈ পৰিব যে শুক্ৰ গ্ৰহটো সূৰ্যৰ ভিতৰত অন্তৰ্নিহিত হৈ পৰিব আৰু শুক্ৰ গ্ৰহৰ কক্ষপথটোৰ সমান আকাৰ হ'ব। ইয়াৰ ফলত পৃথিৱীত সূৰ্য্যৰ পৰা অহা তাপমাত্ৰা ইমানেই বেছি হৈ পৰিব যে সমগ্ৰ পৃথিৱীখন জলন্ত লাভাত পৰিণত হ'ব।
পৃথিৱী ধ্বংস হোৱাৰ কাৰণ বহুলোকে বা বৈজ্ঞানিকে বহুতো মতবাদ দিছে কিন্তু তাৰে মই আপোনাকক জনোৱা তিনিটা কাৰণ ভৱিষ্যতে হোৱাৰ সম্ভাৱনা বহুত বেছি। পৃথিৱী ধ্বংস হোৱাৰ কথা শুনি আপুনি হাঁহিলেও এইটো এদিন হ'লেও বাস্তৱত ৰূপায়ন হ'বই। শুনিব বেয়া লাগিলেও ই চিৰন্তন সত্য।
No comments:
Post a Comment