Friday, June 19, 2020

ASSAM HISTORY : কোচ ৰাজ্য (Koch Kingdom)

ASSAM POLICE SI , ASSAM GK , ASSAM CURRENT AFFAIR

কোচ ৰাজ্য(Koch Kingdom) :

কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপণঃ

assam history

১১৩৮ খ্ৰীষ্টাব্দত পাল বংশৰ পতন হয় ফলত কামৰূপ ৰাজ্য বেলেগ বেলেগ ভাগত বিভক্ত হৈ পৰে। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে চুতীয়া ৰাজ্য, দক্ষিণে আহোম ৰাজ্য আৰু পশ্চিম দিশে কছাৰী ৰাজ্য গঢ় লৈ উঠে। কছাৰী ৰাজ্যৰ পশ্চিম দিশে অৱস্থিত আছিল 'বাৰভূঞা সামন্ত'সকলৰ ৰাজ্য আৰু এই সামন্তসকলৰ ৰাজ্যৰ পশ্চিমে কমতা ৰাজ্য আছিল। কোচসকলৰ শাসনৰ আগত কমতা ৰাজ্যৰ শেষ ৰজাজনৰ আছিল নীলাম্বৰ। ১৪৯৮ খ্ৰীষ্টাব্দত গৌড়ৰ আলাউদ্দিন হুছেইন ছাহ-এ নীলাম্বৰক পৰাস্ত কৰি কমতা ৰাজ্য অধিকাৰ কৰে আৰু আলাউদ্দিনৰ পুত্ৰ দানিয়েলক সেই ৰাজ্যৰ শাসনকৰ্তা পাতে। পৰৱৰ্তীকালত হাৰুপ নাৰায়ণৰ নেতৃত্বত বাৰভূঞাসকলে কমতা ৰাজ্যত আক্ৰমণ কৰে আৰু দানিয়েলক যুদ্ধত পৰাস্ত কৰি বধ কৰে।

 কমতা ৰাজ্যত বাৰভূঞা সামন্তসকলৰ আক্ৰমণ সময়তে কোচ বা মেচ জনগোষ্ঠীৰ মুৰব্বী হাৰীয়া মণ্ডল আৰু পত্নী হীৰাৰ বিশু নামৰ এটি সন্তানৰ জন্ম হয়। বিশু মণ্ডলে পৰৱৰ্তী সময়ত ভিন্ন ভিন্ন জনগোষ্ঠীয় লোকক একত্ৰিত কৰি বাৰভূঞা সকলৰ কমতা ৰাজ্যত আক্ৰমণ কৰি বাৰভূঞা সকলক পৰাস্ত কৰে। আৰু১৫১৫ খ্ৰীষ্টাব্দত সমগ্ৰ কমতা ৰাজ্যৰ ৰজাৰ খ্যাতি লয়। পাছলৈ তেওঁৱেই বিশ্ব সিংহৰ নাম গ্ৰহণ কৰে।

১৫৪০ চনত বিশ্বসিংহ মৃত্যুৰ পাছত তেওঁ জ্যেষ্ঠ পুত্র মল্লদেৱক ৰজা মনােনীত কৰে যদিও সেইসময়ত মল্লদেৱ অধ্যয়নৰ বাবে বানাৰাশিত বসবাস কৰি আছিল। সেইবাবে বিশ্বসিংহৰ ভায়েক নৰসিংহ ৰজা‌ হয়। পৰৱৰ্তী সময়ত মল্লদেৱে, ভাতৃ শুক্ৰধ্বজৰ সহযােগত নৰ সিংহ ক পৰাস্ত কৰে আৰু কমতা ৰাজ্যৰ শাসনভাৰ গ্ৰ্হণ কৰে৷ ৰজা হৈ মল্লদেৱ 'নৰনাৰায়ণ' নামেৰে আৰু ভাতৃ শুক্রধ্বজ 'চিলাৰয়' নামেৰে পৰিচিত হয়।

১৫৬২ চনত কোচ সকলে আহােম ৰাজ্য আক্রমণ কৰে আৰু যুদ্ধত জয়লাভ কৰে। ১৫৬৩ চনত আহোম আৰু কোচসকলৰ মাজত মাজুলীৰ সন্ধি হয়। আহােমসকলে কোচ সকলক বহুতো ধন সম্পত্তি দিয়াৰ উপৰিও খামসিং হাতী আৰু পটচিৰাই নামৰ এটা ঘোঁৰা দিয়ে। ইয়াৰ পাছত ক্রমে কোচ সকলে কছাৰী, জীয়ন্তীয়া, দিলেট, খৈৰাম, মণিপুৰ, আদি দখল কৰি নিজ ৰাজ্যখন শক্তিশালী কৰি তুলিছিল।

মোগলসকলে ধ্বংস কৰি যােৱা হিন্দু মন্দিৰসমূহ নৰনাৰায়ণে পুনৰ নির্মাণ কৰাই। ১৫৬৫ চনত নৰনাৰায়ণৰ আদেশত কামাখ্যা মন্দিৰ পুনৰ নির্মাণ কৰা হৈছিল। নৰনাৰায়ণৰ পৃষ্ঠপােষকতাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰামবিজয় নাটক লিখে। নৰনাৰায়ণৰ ৰাজত্বকালতে শ্ৰীমন্ত শংকৰদেৱৰ তত্বাৱধানত অসমীয়া শিপীনীয়ে বৃন্দাৱনী বস্ত্ৰ বৈ উলিয়াইছিল। সেই কাৰণে ৰাম সৰস্বতীয় মহাভাৰত অসমীয়া ভাষালৈ অনুবাদ কৰিছিল, অনন্ত কললিয়ে দশম স্কন্ধ ভাগৱত আৰু বকুল কায়স্থ ই গণিতৰ পুথি ৰচনা কৰিছিল (ৰাম সৰস্বতীয়, অনন্ত কললিয়ে আৰু বকুল কায়স্থ এই তিনিও জনেই আছিল বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি)। নৰনাৰায়ণেই সােণ আৰু ৰূপেৰে প্ৰস্তুত 'নাৰায়নী মুদ্রা' প্রচলন কৰিছিল। নৰনাৰায়ণৰ ৰাজত্ব কাল অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। তেখেতক অসমৰ "বিক্ৰমাদিত্য" বুলিও কোৱা হয়।
assam gk

কোচ ৰাজ্যৰ পটনঃ

১৫৭৫ চনত মােগলৰ হৈ কোচসকলে গৌড় ৰাজ্য আক্রমণ কৰোতে বসন্ত ৰােগত আক্রান্ত হৈ চিলায়ৰ মৃত্যু হয়। 1584 চনত নৰনাৰায়ণৰো মৃত্যু বৰণ হয়। নৰনাৰায়ণৰ মৃত্যুৰ পাছত লক্ষীনাৰায়ণ ৰজা হয়। কিন্তু তেওঁলোকৰ ঘৰুৱা কন্দলৰ ফলত এই ৰাজ্য মােগলৰ অধীনলৈ গুছি যায়। পৰৱৰ্তী সময়ত কোচ ৰজা বালি নাৰায়ণে আহােমৰ সহায়ত মােগলৰ হাতৰ পৰা ভৰালী আৰু বৰনদী মাজৰ অংশ উদ্ধাৰ কৰে। ইয়াৰ পাছতে বালি নাৰায়ণে "ধৰ্মনাৰায়ন"নাম গ্ৰহণ কৰিছিল। তেওঁ ৰজা আছিল যদিও আহােমৰ আশ্রিত ৰজা হিচাপেহে আশ্ৰয় লৈ আছিল। এই সকলো ঘটনাৰ ফলত অৱশেষত কোচ ৰাজ্যৰ অন্ত পৰে।
assam police si
free mock test

No comments:

Post a Comment